skip to Main Content

অকলেণ্ডত অসমীয়া ছবি ‘ ব্ৰীজ ‘


কেলিফৰ্নিয়াৰ অকলেণ্ড চহৰত ২৩ ছেপ্তেম্বৰত স্হানীয় সময় অনুসৰি ৯ বাজি ৫ মিনিটত ১৮ সংখ্যক অকলেণ্ড আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰিমিয়াৰ হৈ যায় অসমীয়া ছবি ‘ ব্ৰীজ ‘। পৰিচালক কৃপাল কলিতা। ইতিমধ্যে ‘ ব্ৰীজ ‘ ছবিয়ে কেইবাখনো ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত অংশ গ্ৰহণ কৰিছে। ছবিৰ দৈৰ্ঘ্য ৮৭ মিনিট। কেইগৰাকীমানক বাদে বাকী সকলো নৱাগত অভিনেতা অভিনেত্ৰীৰে ছবি প্ৰস্ত্তত কৰিছে পৰিচালক কৃপাল কলিতাই।

Back To Top