Assam Chief Minister Himanta Biswa Sarma today said he has spoken to megastar Shah Rukh…
অক্ষয় কুমাৰৰ ছবি ‘লক্ষ্মী বম্ব’ৰ নতুন নাম
চুপাৰ ষ্টাৰ অক্ষয় কুমাৰৰ বহুল প্ৰচলিত ছবি ‘লক্ষ্মী বম্ব’ৰ নাম সলনি কৰা হৈছে। বৃহস্পতিবাৰে ছবিৰ পৰিচালক ৰাঘৱ লৰেঞ্চ ছবিখনৰ চেনচৰ প্ৰমাণপত্ৰৰ বাবে যায় আৰু Central Board of Film Certification ৰ সৈতে নিৰ্মাতা সকলৰ হোৱা আলোচনামৰ্মে এই সিন্ধান্ত গ্ৰহণ কৰা হয়। উল্লেখযোগ্য যে দৰ্শকৰ দৃষ্টিভংগীৰ প্ৰতি লক্ষ্য ৰাখি প্ৰযোজক ছবিনা খান আৰু অক্ষয় কুমাৰে ছবিৰ নাম ‘লক্ষ্মী বম্ব’ৰ সলনি লক্ষ্মী ৰখাৰ সিন্ধান্ত গ্ৰহণ কৰে।
সাম্প্ৰতিক সময়ত সমাজত সমকামীসকলৰ বাবে কৰা কিছু নীচ কামক লৈ নিৰ্মাণ হৈছে উক্ত ছবি। ইয়াত অক্ষয় কুমাৰক সমকামী ৰূপত দেখা পোৱা যাব। অভিনেত্ৰী কিয়াৰা আদৱানীও এক গুৰুত্বপূৰ্ণ চৰিত্ৰত অংশগ্ৰহণ কৰিছে। অহা ৯ নৱেম্বৰত মুকলি কৰা হ’ল বহুলভাৱে চৰ্চিত এই ছবি।