The Final Electoral Roll in respect of 126 Assembly Constituencies of Assam has been published…
অখিল ভাৰত হিন্দু মহাসভাৰ নতুন সমিতি গঠন
এন.এন ব্যুৰো, ১১ মাৰ্চঃ আজি দিশপুৰ প্ৰেছক্লাবত অখিল ভাৰত হিন্দু মহাসভাৰ অসম প্ৰদেশ সমিতিয়ে এক সংবাদমেলৰ আয়োজন কৰে। অখিল ভাৰত হিন্দু মহাসভাৰ নতুনকৈ গঠন হোৱা প্ৰদেশ সমিতিখনৰ সন্দৰ্ভত উত্ত সংবাদমেলখনি আয়োজন কৰা হয়। প্ৰাক্তন উপায়ুক্ত ৰেণু মহন্তক সভাপতি, অনুপ কুমাৰ তালুকদাৰক কাৰ্যকৰী সভাপতি, বিপুল কুমাৰ শৰ্মাক সম্পাদক হিচাপে লৈ ২১ জনীয়া নতুন সমিতিখন গঠন কৰা হৈছে। সভাপতি ৰেণু মহন্তই হিন্দু ধৰ্মালম্বী লোকসকলৰ লগতে খিলঞ্জীয়া মুছলমান লোকসকলৰ বাবেও কাম কৰি যাব বুলি সংবাদমেলখনিত উল্লেখ কৰে।ইফালে এই সমিতিখনৰ বৈধতাক লৈ বিভিন্ন মহলত প্ৰশ্ন উত্থাপিত হৈছে। কিয়নো অসমত ইতিমধ্যে ৰজনী বৰ্মনক সভাপতি আৰু মুকুট ডেকাক সাধাৰণ সম্পাদক হিচাপে লৈ অখিল ভাৰত হিন্দু মহাসভাৰ আন এখন অসম প্ৰদেশ সমিতি সত্ৰিয় হৈ আছে।