The All Assam Cab Mazdoor Sangha and All Guwahati Bike Taxi Operator Union together in…
অগপৰ সাধাৰণ পৰিষদৰ সভাক বৈধ আখ্যা প্ৰদান কৰিছে আদালতে।
অগপৰ সাধাৰণ পৰিষদৰ সভাক বৈধ আখ্যা প্ৰদান কৰিছে কামৰূপ জিলা মূখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে। জিলা সত্ৰ ন্যায়াধীশৰ আদালতে দিয়া ৰায়ক খণ্ডণ কৰি জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতৰ।এই কথা প্ৰকাশ কৰে জ্যেষ্ঠ অধিবক্তা বিজন মহাজনে।
উল্লেখ যে আদালত অৱমাননা কৰি যোৱা ২৭ আগষ্টত দলে সাধাৰণ পৰিষদৰ সভা অনুষ্ঠিত কৰাৰ বুলি অভিযোগ তুলি কেইবাজনো ব্যক্তি আদালতৰ কাষ চাপিছিল আৰু আবেদন দাখিল কৰিছিল।উক্ত আবেদনৰ ভিত্তিত সত্ৰ ন্যায়াধীশৰ আদালতে নতুন কমিটীৰ ওপৰত স্থগিতাদেশ জাৰি কৰিছিল।
স্থগিতাদেশৰ বিৰুদ্ধে জিলা মুখ্য ন্যায়াধীশ আদালতত আবেদন জনাইছিল অগপৰ নেতৃত্বই | উক্ত আবেদনৰ ভিত্তিতে জিলা মূখ্য ন্যায়াধীশৰ আদালতে আজি নিম্ন আদালতৰ ৰায়ক খাৰিজ কৰি অতুল বৰাৰ পক্ষত ৰায় প্ৰদান কৰে।