skip to Main Content

অতি শীঘ্ৰেই কেঞ্চাৰ জয় কৰিম- সঞ্জয় দত্ত

স্বাস্হ্য সম্পৰ্কীয় অসুবিধাৰ বাবে দীৰ্ঘদিন কামৰ পৰা বিৰত থকা বলিউদৰ যশস্ৰী অভিনেতা সঞ্জয় দত্তক শেহতীয়াকৈ দেখা গ’ল এখন চেলুনত। তাৰকাৰ কেশশৈলীৰ সৈতে জড়িত আলিম হাকিমে প্ৰচাৰ কৰা চছিয়েল মিডিয়াত ভাইৰেল হোৱা এটি ভিডিঅ’ত অভিনেতাগৰাকীয়ে কয় যে অতি শীঘ্ৰই তেওঁ কেঞ্চাৰক প্ৰতিহত কৰি পুনৰ কামলৈ উভতি আহিব। আগষ্ট মাহৰ পৰা শাৰিৰীক দুৰ্বলতাৰ বাবে তেওঁ কামৰ পৰা আতৰি আছিল। কেইটামান দিন পিছতেই তেওঁ পুনৰ সুস্হ হৈ পৰিব আৰু ইয়াৰ বাবে দেশবাসীক ইশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাবলৈ অনুৰোধ জনায়। ৰণবীৰ কাপুৰ আৰু বাণী কাপুৰৰ সৈতে তেওঁৰ আহিবলগীয়া চিনেমা Shamshera ৰ বাবে ডাবিঙো আৰম্ভ কৰিব। কামৰ মাজলৈ পুনৰ উভতি আহি তেওঁ নিজকে সুখী অনুভৱ কৰা বুলি উক্ত ভিডিঅ’টোত উল্লেখ কৰে।

Back To Top