পুনৰ হ্ৰাস পাব পাৰে ডলাৰৰ বিপৰীতে টকাৰ মূল্য। বৰ্তমান সময়ত প্ৰতি ডলাৰৰ বিপৰীতে টকাৰ মূল্য…
অত্যাৱশ্যকীয় সামগ্ৰীৰ মুল্যই কোঙা কৰিছে জনতাক৷
অত্যাৱশ্যকীয় সামগ্ৰীৰ মুল্যবৃদ্ধিয়ে সাধাৰণ জনতাক এতিয়া বাৰুকৈয়ে হাহাকাৰ পৰিবেশৰ সৃষ্টি কৰিছে৷মিঠাতেল দাইল আলু পিয়াজকে ধৰি সকলো সামগ্ৰীৰে দাম এতিয়া এচাম ধুৰন্ধৰ ব্যৱসায়ীয়ে হোৰাহোৰে বৃদ্ধি কৰি আছে৷কিন্তু তাৰ পিছতো কুম্ভকৰ্ণ নিদ্ৰাত ৰাজ্যৰ যোগান বিভাগ৷নিয়ন্ত্ৰণৰ কথাটো বাদেই কেৱল মাথোঁ তুলুঙা মন্তব্যৰে গা এৰা দি আছে বিভাগীয় মন্ত্ৰীজনে৷ইফালে মুখ্যমন্ত্ৰীজনেও এইক্ষেত্ৰত নিমাতী কইনাৰ ভাও ধৰি থকাহে পৰিলক্ষিত হৈছে৷সকলো এতিয়া মাথোঁ ভোটৰ ৰাজনীতিত ব্যস্ত হৈ আছে৷কিন্তু সাধাৰণ ৰাইজে মুল্যবৃদ্ধিৰ ফলত ককবকাই আছে৷কিন্তু ইয়াৰ প্ৰতি কাৰো কানসাৰ নাই৷