The Final Electoral Roll in respect of 126 Assembly Constituencies of Assam has been published…
অনুসুচীত জনজাতি মৰ্চাৰ কাৰ্যনিৰ্বাহক সভা
কোকৰাঝাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত দুদিনীয়া কাৰ্যসুচীৰে অনুস্থিত হোৱা ৰাজ্যিক বিজেপিৰ অনুসুচীত জনজাতি মৰ্চাৰ প্ৰথমখন কাৰ্যনিৰ্বাহক সভাৰ আজি সামৰনি পৰিল৷আজি সামৰনি সভাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে৷বিজেপিৰ অনুসুচীত জনজাতি মৰ্চাৰ ৩৯খন জিলা সমিতিৰ বিষয়ববীয়া উপস্থিত থকা উক্ত কাৰ্যনিৰ্বাহক সভাত ৰাজ্যৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে সাংগঠনিক শক্তি শক্তিশালী কৰাৰ আহ্বানেৰে ভাষন প্ৰদান কৰে মুখ্যমন্ত্ৰী সোনোৱালে৷
আনহাতে উক্ত কাৰ্যনিৰ্বাহক সভাত মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা,ৰাজ্যিক সভাপতি ৰঞ্জিত দাসকে ধৰি কেবাজনো মন্ত্ৰী বিধায়ক উপস্থিত থাকে৷