skip to Main Content

অনুসূচিত জাতি যুৱ পৰিষদৰ সংবাদমেলঃ বিজেপি চৰকাৰৰ বিৰুদ্ধে ক্ষোভ

এন.এন ব্যুৰো, ১৭ মাৰ্চঃ আজি দিছপুৰ প্ৰেছ ক্লাৱত অনুসূচিত জাতি যুৱ পৰিষদ, অসমে কেতবোৰ বিষয়ক লৈ এক সংবাদমেলৰ আয়োজন কৰে। সংবাদমেলত উপস্থিত থাকে সমিতিৰ সাধাৰণ সম্পাদক কমলাকান্ত দাস, সহকাৰী সাধাৰণ সম্পাদক জিতু কাকতি আৰু অন্য বহুতো। শাসনাধিস্থ বিজেপি চৰকাৰখনক সমালোচনা কৰি দুৰ্নীতিগ্ৰস্ত বিষয়া-কৰ্মচাৰী সকলক শাস্তি প্ৰদান কৰিম বুলি কোৱা কথাষাৰ আজি অসাৰ প্ৰতিপন্ন হৈছে বুলি তেওঁলোকে ক্ষোভ উজাৰে। ইয়াৰোপৰি পাবত গজা কিছু ছাত্ৰনেতাই সংবিধান ভৰিৰে মোহাৰি অসাংবিধানিক কাৰ্য্যত লিপ্ত হৈছে বুলিও অভিযোগ উত্থাপন কৰে। তেওঁলোকৰ অভিযোগ অনুসৰি অনুসূচিত জাতিৰ মৎস্যজীৱি সকলৰ উন্নয়নৰ হেতু অসম মীন উন্নয়নৰ যিসমূহ আচনি তাতো অৰাজকতা সৃষ্টি হৈছে। এই ক্ষেত্ৰত ৰাজ্য চৰকাৰে দৃষ্টি নিক্ষেপ কৰিব লাগে। উল্লেখ্য যে এই বিষয়সমূহ তেওঁলোকে চৰকাৰক অৱগত কৰিছে যদিও আজি পৰ্য্যন্ত চৰকাৰে কোনো সিদ্ধান্ত গ্ৰহণ নকৰাৰ কাৰনে তেওঁলোক বিক্ষুব্ধ হৈ উঠে।

Back To Top