The Assam government plans to send about 1,000 youth to the Cellular Jail in Andaman…
অভাৱী লোকৰ মনোৰঞ্জনৰ একমাত্ৰ আহিলা ৰেডিঅ’।
আকাশবাণী গুৱাহাটী। মিডিয়াম ৱেভৰ ৪১১.৫ মিটাৰত আপোনালোকে শুনি অহা.. সুগম সংগীতৰ অনুষ্ঠান গীতিমালিকা, উপন্যাস পাঠ, আইদেউৰ বুলনি, অকণিৰ মেল, ৰস-ৰচনা, কৃষিজগত, নাটক, পুৱাৰ বন্দনাৰ পৰা ধৰি আঞ্চলিক বাতৰি আদি। অতীত হৈ পৰিব নেকি সকলোৰে পৰিচিত এই শব্দবোৰ। কালৰ বুকুত হেৰাই যাব নেকি মিডিয়াম ৱেভ। মিডিয়াম ৱেভ হ’ব নেকি নষ্টালজিয়া, আৰু শুনিবলৈ নাপাব নেকি জনপ্ৰিয় কণ্ঠস্বৰবোৰ যিহেতু কেন্দ্ৰৰ সিদ্ধান্ত মিডিয়াম ৱেভ সেৱা বন্ধ কৰা। সেয়ে সকলোৰে প্ৰশ্ন সঁচাকৈ স্তব্ধ হ’ব নেকি ৰেডিঅ’ৰ প্ৰাণ স্পন্দন? সঁচাই হেৰাই যাব নেকি নষ্টালজিক অনুভৱবোৰ? কিন্তু বৰ্তমানেও চলি মিডিয়াম ৱেব। জানিব পৰা অনুসৰি বন্ধ হোৱা নাই মিডিয়াম ৱেভ সেৱা।