The Final Electoral Roll in respect of 126 Assembly Constituencies of Assam has been published…
অভিনৱ মহন্তক সহায় কৰকঃ আহ্বান পিতৃৰ
এন.এন ব্যুৰো, ১৩ মাৰ্চঃ আজি গুৱাহাটী প্ৰেছ ক্লাবত অশ্বিন কুমাৰ মহন্তই এক সংবাদমেলৰ আয়োজন কৰে। উক্ত সংবাদমেলখন অসমৰ একমাত্ৰ আন্তৰাষ্ট্ৰীয় স্নুকাৰ খেলুৱৈ কুইষ্ট অভিনৱ মহন্তৰ পৃষ্ঠপোষকতাৰ আহ্বান জনাবলৈ আয়োজন কৰা হয়। অভিনৱ মহন্তক আন্তৰাষ্ট্ৰীয় পৰ্যায়ত খেলিবৰ বাবে অসম চৰকাৰক সহায় সহযোগিতা আগবঢ়াবলৈ অনুৰোধ জনায় পিতৃ অশ্বিন মহন্তই।লগতে এই সংবাদমেল যোগে অভিনৱ মহন্তৰ এখনি প্ৰফাইল উন্মোচন কৰা হয়। উল্লেখ্য যে ১০ এপ্ৰিলৰ পৰা বেলজিয়ামত অনুষ্ঠিত হবলগীয়া স্নুকাৰ প্ৰতিযোগিতাত অংশগ্ৰহন কৰিবলৈ সুবিধা লাভ কৰিছে অভিনৱ মহন্তই।