The Assam government on Thursday announced its decision to extend the territory of the Bodoland…
অসমত BJP থাকিলেহে জেউতি চৰিব : হিমন্ত
শদিয়াত অনুষ্ঠিত কে’বাটাও ধৰ্মীয় অনুষ্ঠান আৰু শিক্ষানুষ্ঠানৰ বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ লগতে শান্তিপুৰত এক জনসভাত আজি অংশগ্ৰহণ কৰে মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই । শদিয়া জিলা বিজেপিৰ অন্তৰ্গত ৰাজগড় মণ্ডল বিজেপিৰ উদ্যোগত ৪ নং শান্তিপুৰৰ ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা এই জনসভাত প্ৰায় দুই শতাধিক দলীয় নেতা-কৰ্মী আৰু সমৰ্থক উপস্থিতি থাকে ।
ভাষণ প্ৰসংগত মন্ত্ৰী ড° শৰ্মাই ৰাজ্যৰ প্ৰধান বিৰোধী কংগ্ৰেছ, এ আই ইউ ডি এফ দলক কটু সমালোচনা কৰাৰ লগতে অসম জাতীয় পৰিষদৰ মুখ্য সমন্বয়ক তথা শদিয়া বিধান সভা সমষ্টিৰ প্ৰাক্তন বিধায়ক জগদীশ ভূঞাকো সমালোচনা কৰে ৷ তদুপৰি বৰ্তমান ৰাজ্যৰ সৰ্বত্ৰে চৰ্চা লাভ কৰা শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত মিঞা সংগ্ৰহালয় স্হাপন কৰা প্ৰসংগক তীব্ৰ সমালোচনা কৰে মন্ত্ৰীগৰাকীয়ে ৷
আনহাতে, যদি অসমত বিজেপি চৰকাৰ নাথাকে তেন্তে অসমীয়া জাতীয় জীৱনলৈ অন্ধকাৰ নামি আহিব বুলি তাৎপৰ্য পূৰ্ণ মন্তব্য আগবঢ়াই মন্ত্ৰী গৰাকীয়ে ৷ জনসভাত মন্ত্ৰী গৰাকীৰ স’তে উপস্থিত থাকে লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা, শদিয়াৰ বিধায়ক বলীন চেতিয়া, বিজেপিৰ ৰাজ্যিক পৰ্যায়ৰ কে’বাজনো শীৰ্ষ নেতাৰ লগতে বিজেপিৰ শদিয়া তথা তিনিচুকীয়া জিলা সমিতিৰ শীৰ্ষ পৰ্যায়ৰ ভালেসংখ্যক নেতা ।