Assam State Zoo and Botanical Garden here got two zebras on Monday, thanks to Mysore…
অসমবাসীৰ কাৰণে এক সুখবৰ
অসমবাসীৰ কাৰণে এক সুখবৰ ৷কাৰণ আজিৰে পৰা প্ৰথমবাৰৰ বাবে সোমবাৰ আৰু শুক্ৰবাৰে ডিব্ৰুগড়ৰ পৰা বগীবিল দলঙৰ ওপৰেৰে উত্তৰ লক্ষীমপুৰ, ৰঙাপৰা উত্তৰ, ৰঙিয়া,নিউ বঙাইগাঁও হৈ 02505 নম্বৰৰ ৰাজধানী এক্সপ্ৰেছখন নতুন দিল্লীলৈ ৰাওনা হ’ব।
আজি নিশা ১০ বজাত ডিব্ৰুগড়ৰ পৰা বগীবিল হৈ যাত্ৰা কৰিব ৰাজধানী এক্সপ্ৰেছখনে।আনহাতে ৰাজধানী এক্সপ্ৰেছখন উত্তৰ লক্ষীমপুৰ পাবগৈ নিশা ১২.২৫ মিনিটত,সেইদৰে ৰঙাপাৰা পাবগৈ পুৱতি নিশা ৩.৩০ মিনিটত আৰু ৰঙিয়া ষ্টেচনত উপস্থিত হ’ব পুৱা ৬.৩০ ত।
নতুন দিল্লীৰ পৰা ডিব্ৰুগড়লৈও বৃহস্পতিবাৰ আৰু দেওবাৰে 02506 নম্বৰৰ ৰাজধানী এক্সপ্ৰেছখন চলাচল কৰিব। উল্লেখযোগ্য যে ডিব্ৰুগড়ৰ পৰা নতুন দিল্লীলৈ ৰাজধানী এক্সপ্ৰেছৰ যাত্ৰা কৰাৰ খবৰে উৎফুল্লিত কৰিছে অসমবাসীক ৷