The Assam government plans to send about 1,000 youth to the Cellular Jail in Andaman…
অসমলৈ আহিব বিতৰ্কিত ঐশী ঘোষঃ চৰকাৰৰ বিৰুদ্ধে হুংকাৰ এছ.এফ.আইৰ
এন.এন ব্যুৰো, ১৩ মাৰ্চঃ ভাৰতৰ ছাত্ৰ ফেডাৰেচন (এছ.এফ.আই) ৰ ৰাজ্যিক কাৰ্যাএনলয়ত আজি এক সংবাদমেল আয়োজিত হয়। উক্ত সংবাদমেলত তেওঁলোকে ১৮ মাৰ্চত কা বাতিলৰ লগতে ৰাজহুৱা শিক্ষাৰ আন্ত:গাঠনি সন্দৰ্ভত এক সমাৱেশ অনুষ্ঠিত কৰাৰ কথা উল্লেখ কৰে। সভাপতি কাশ্যপ চৌধুৰী আৰু সম্পাদক নিৰংকুশ নাথে কয় যে এই সমাৱেশত এছ.এফ.আইৰ সৰ্বৰভাৰতীয় সম্পাদক ময়ূখ বিশ্বাস আৰু এছ.এফ.আইৰ নেত্ৰী তথা জে.এন.ইউ ছাত্ৰ একতা সভাৰ সভানেত্ৰী ঐশী ঘোষ উপস্থিত থকাক লৈ আৰক্ষী তথা ৰাজ্য চৰকাৰে বাধা প্ৰদান কৰিছে। ১৮ মাৰ্চৰ পাছতেই হাইলাকান্দিত অনুষ্ঠিত হ’বলগীয়া জিলা সমাবেশতো ঐশী ঘোষৰ অংশগ্ৰহনত বাধা প্ৰদান কৰিছে প্ৰশাসনে। চৰকাৰে বাধা প্ৰদান কৰাৰ পাছতো সমাৱেশ অনুষ্ঠিত কৰাৰ হুংকাৰ দিয়ে এছ এফ আইয়ে। হিন্দুত্ববাদী সংগঠনৰ প্ৰৰোচনাত পৰি চৰকাৰে সমাৱেশত বাধা প্ৰদান কৰাৰ অভিযোগ উত্থাপন কৰিছে সংগঠনটোৱে।