Assam Chief Minister Himanta Biswa Sarma while addressing a public meeting in Banamalipur said that…
অসমীয়া জাতিৰ ওপৰত আক্ৰমণ চলিছে আৰৱৰ পৰা
আৰৱৰ পৰা পাকিস্তান, বাংলাদেশ হৈ আমাৰ সভ্যতাৰ ওপৰত আক্ৰমণ চলিছে। তেওঁলোকে একে সুৰত কথা কয়। কিন্তু অসমীয়া জাতি আজি বহুধাবিভক্ত। আমি ব্ৰাহ্মণ, কোচ, কলিতা, আহোম আদিত লাগি আছো। আমি অসমীয়া জাতি ইমান দুৰ্বল হৈ পৰা নাই যে বদৰুদ্দিন আজমল, শ্বেৰমান আলী আৰু ৰকিবুল হুছেইনৰ পৰামৰ্শমতে চলিম।’ ধেমাজিৰ হাবুঙত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই তাৎপৰ্যপূৰ্ণ মন্তব্য প্ৰকাশ কৰে। আহোম স্বৰ্গদেউসকলৰ দ্বিতীয় ৰাজধানী ঐতিহাসিক হাবুঙৰ উন্নয়নৰ বাবে ডেৰ কোটি টকা আগবঢ়োৱাৰ কথা ঘোষণা কৰে মন্ত্ৰীগৰাকীয়ে। হাবুঙক পৰ্যটনৰ থলী হিচাপে গঢ়ি তোলাৰ পোষকতা কৰে মন্ত্ৰী ড০ শৰ্মাই। দুদিনীয়া কাৰ্যসূচীৰে ধেমাজিলৈ যোৱা মন্ত্ৰীগৰাকীয়ে বিভিন্ন দলীয় কাৰ্যসূচীত অংশ লয়। বহিঃৰাষ্ট্ৰৰ সভ্যতা-সংস্কৃতিয়ে অসমীয়া সংস্কৃতিক গ্ৰাস কৰা বিষয়ত মন্ত্ৰীগৰাকীয়ে উদ্বেগ প্ৰকাশ কৰে। উল্লেখ্য যে কেইদিনমান পূৰ্বে কংগ্ৰেছ দলৰ বিধায়ক শ্বেৰমান আলীয়ে শংকৰদেৱ কলাক্ষেত্ৰত মিঞা সংগ্ৰহালয় স্থাপনৰ দাবী কৰিছিল। এই বিষয়টো লৈ তীব্ৰ বাদানুবাদ সৃষ্টি হয়। ৰাজ্যজুৰি বিধায়ক শ্বেৰমান আলীৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ অব্যাহত থকাৰ সময়তে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমীয়া সংস্কৃতি তথা সভ্যতাৰ ওপৰত আক্ৰমণৰ প্ৰসংগ উত্থাপন কৰে।