Two people were severely injured after a one-horned rhinoceros attacked them in Mohima Gaon, Golaghat…
অসমৰ বৌদ্ধিক ইতিহাসত যুগান্তকাৰী ঘটনাঃ অনুদিত হৈ ওলাল নিউটনৰ প্ৰিঞ্চিপিয়া
এন.এন ব্যুৰো, ১৩ মাৰ্চঃ তেজপুৰ বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ অধ্যাপক তথা বিশিষ্ট বিজ্ঞানী ডঃ জয়ন্ত কুমাৰ শৰ্মাৰ বহুবছৰজোৰা নিৰলস সাধনাৰ ফচল, ছাৰ আইজাক নিউটৰ প্ৰিঞ্চিপিয়া গ্ৰন্হখনৰ অসমীয়া ৰূপতো আজি আনুষ্ঠানিকভাবে উন্মোচন কৰা হয়। গুৱাহাটীৰ ছহীদ ন্যাস ভৱন প্ৰেক্ষাগৃহত আয়োজিত এক গাম্ভীৰ্যপুৰ্ণ অনুষ্ঠানত অনুবাদ গ্ৰন্হখন উন্মোচন কৰে ডঃ বাৰীন্দ্ৰ কুমাৰ শৰ্মাই।একেটা অনুষ্ঠানতে লেখক অৰূপ কুমাৰ দত্তৰ আহোম নামৰ ইংৰাজী গ্ৰন্হখনৰো অসমীয়া অনুবাদ উন্মোচন কৰা হয়। অনুদিত গ্ৰন্হখন উন্মোচন কৰে প্ৰসিদ্ধ সাহিত্যিক- বুদ্ধিজীৱী হোমেন বৰগোহাঞিয়ে। উল্লেখ্য যে দুয়োখন গ্ৰন্হ প্ৰকাশ কৰি উলিয়াইছে স্হানীয় অৰ্কিড নামৰ প্ৰকাশন গোষ্ঠীটোৱে।