The All Assam Cab Mazdoor Sangha and All Guwahati Bike Taxi Operator Union together in…
অসমৰ ২০ লাখ নিৱনুৱালৈ সংস্থাপন
মঙলবাৰে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোনোৱালে যোগীঘোপাত দেশৰ প্ৰথমখন ‘মাল্টিম’ডেল লজিষ্টিক্স পাৰ্ক’ৰ আধাৰশিলা স্থাপন কৰে। উক্ত অনুষ্ঠানত ভাষণ প্ৰসংগত তেওঁ কয় আগন্তুক দিনত আহিবলগীয়া আঁচনিসমূহত অসমৰ প্ৰায় ২০ লাখ নিবনুৱাই সংস্হাপন লাভ কৰিব। আনহাতে এই ‘মাল্টিম’ডেল লজিষ্টিক্স পাৰ্কত অসমৰ বহু সংখ্যক যুৱক যুৱতী নিয়োজিত হোৱাৰ লগতে উত্তৰ পূৰ্বাঞ্চলক এই বিশেষ পাৰ্কে সুকীয়া মৰ্য্যাদা প্ৰদান কৰিব। ভাৰতমালা পৰিযোজনা আঁচনিৰ তত্বাৱধানত উক্ত পাৰ্কৰ কাম আগবাঢ়িব আৰু ই জল, স্হল, বায়ু আৰু ৰেল পথৰ সৈতে মানুহক সংযোগ কৰিব বুলি মূখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে।