Representative Image মাদ্ৰাছাত জাতীয় পতাকা উত্তোলন নকৰিলে মাদ্ৰাছা বন্ধ কৰি দিয়াৰ হুংকাৰ। এই হুংকাৰ অসমৰ…
অসম অলিম্পিক সন্থাৰ বিশেষ সম্বৰ্দ্ধনা অনুষ্ঠান
কোৰিয়াৰ গয়াঙত অনুষ্ঠিত হ’বলগীয়া বিশ্ব টাইকোৱানডো পোমছে চেম্পিয়নশ্বিপত অংশগ্ৰহণৰ বাবে যোগ্যতা অৰ্জন কৰা দুগৰাকী খেলুৱৈ মহাশ্বেতা কাশ্যপ আৰু মৈত্ৰেয়ী শৰ্মাক অসম অলিম্পিক সন্থাই বুধবাৰে সম্বৰ্ধনা জনায়। অসম অলিম্পিক সন্থাৰ সম্পাদক লক্ষ্য কোঁৱৰে আতঁ ধৰা অনুষ্ঠানটোত ভাৰতীয় দলটোৰ
প্ৰশিক্ষকৰ দায়িত্ব লাভ কৰা প্ৰীতম কিশোৰ বৰা আৰু প্ৰতিযোগিতাখনত কৰ্মকৰ্তা হিচাপে ভাগ ল’বলগীয়া অসম টাইকোৱানডো সন্থাৰ সাধাৰণ সম্পাদক হিৰণ্য শইকীয়াকো সম্বৰ্ধনা জনোৱা হয়। খেলুৱৈ আৰু প্ৰশিক্ষকক অসম অলিম্পিক সন্থাই একোটাকৈ কিট বেগো প্ৰদান কৰে।