The Assam Board of Secondary Education (SEBA) has issued a notification regarding the registration of…
অসম চলচ্চিত্ৰ বিত্ত উন্নয়ন নিগমৰ নতুন অধ্যক্ষ সীমান্ত শেখৰক প্ৰশ্ন জুবিন গাৰ্গৰ।
অসমীয়া চিনেমা নোচোৱাকৈ সীমান্ত শেখৰ কেনেকৈ অসমীয়া হ’ল? ‘অসমীয়া চিনেমা নাচাও বুলি কোৱাটো ভাল কথা নহয়’।অসম চলচ্চিত্ৰ বিত্ত উন্নয়ন নিগমৰ নতুন অধ্যক্ষ সীমান্ত শেখৰক প্ৰশ্ন জুবিনৰ। সীমান্ত শেখৰক দায়িত্ব দিয়াৰ পিছত প্ৰতিক্ৰিয়া জুবিন গাৰ্গৰ।জুবিন গাৰ্গে কয় যে, ‘সীমান্ত মোৰ ভাইতিৰ নিচিনা। তেওঁ যদি দায়িত্ব ভালদৰে পালন কৰিব পাৰে, চলাই নিব পাৰে মানুহে ভাল পাব। কিন্তু ফিল্ম ফেটাৰ্নিটীৰ বহুলোক অসন্তুষ্ট হৈছে। কাৰণ সীমান্ত চিনেমাৰ লগত নহয়, গীতৰ লগতহে জড়িত। সকলোৱে বিচাৰিছিল এজন অভিজ্ঞ আৰু ছবিৰ লগত জড়িত লোকক এই পদবী দিয়া হওক। কিন্তু দিলেই যেতিয়া এতিয়া আৰু কবলগীয়া নাই। ভালকৈ কাম কৰক। আমাৰ ছবি উদ্যোগটোক সাংস্কৃতিক মন্ত্ৰী বা মুখ্যমন্ত্ৰীয়েই হওক, সকলোৱে ডাঙৰ কৈ চাব লাগে। আমাৰ সকলোৰে গুৰু দায়িত্ব আছে।
বুধবাৰে ৰাজ্য চৰকাৰে নিগম নিকায়ৰ অধ্যক্ষৰ তালিকা প্ৰকাশ কৰাৰ পিছতে ছচিয়েল মিডিয়াত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বিজেপি নেতা সীমান্ত শেখৰ।