skip to Main Content

অসম জাতীয়তাবাদী যুৱ পৰিষদৰ সংবাদমেলঃ চৰকাৰৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ

  • Assam

এন.এন ব্যুৰো,২৫ ফ্ৰেব্ৰুৱাৰীঃ অসমৰ সাম্প্ৰতিক সময়ৰ জলন্ত সমস্যাৰ ৰাজনৈতিক সমাধানৰ দাবীত অসম জাতীয়তাবাদী যুৱ পৰিষদে আজি গুৱাহাটী প্ৰেছ ক্লাবত এক সংবাদমেলৰ আয়োজন কৰে। কেন্দ্ৰীয় চৰকাৰ তথা অসম চৰকাৰে অসমৰ জনগণৰ আবেগ, অনুভূতিক মূল্য দিব খোজা নাই, অসমৰ কৃষিজীৱিক মূল্যবৃদ্ধিৰ মাধমাৰ দি চৰকাৰৰ যোগান বিভাগ আজি নিদ্ৰাত মগ্ন, মূল্যবৃদ্ধিৰ জৰিয়তে বিজেপি চৰকাৰে সমাগত ৫ ৰাজ্যৰ নিৰ্বাচনৰ বাবে পূঁজি টনকিয়াল কৰিব খুজিছে। এই মন্তব্য যুৱ পৰিষদৰ। ইয়াৰ লগতে পৰিষদৰ মুখ্য উপদেষ্টা প্ৰদীপ কুমাৰ ভূঞা আৰু সাধাৰন সম্পাদক কনক চন্দ্ৰ ভৰালীয়ে অসমৰ কা আন্দোলন স্তিমিত কৰিবলৈ ৫০ হাজাৰক চৰকাৰী চাকৰী দিয়াৰ বাবে কৰা চৰকাৰী ঘোষণা আজি ক’ত গ’ল বুলিও প্ৰশ্ন উত্থাপন কৰে। বৃহত্তৰ অসমীয়া জাতিৰ স্বাৰ্থত পৰিষদে আলফা(স্বা)ৰ লগতে কেন্দ্ৰ-ৰাজ্য চৰকাৰক নমনীয় দৃষ্টিভংগী গ্ৰহণ কৰাৰ বাবেও আহ্বান জনায়।

Back To Top