At least two persons lost their lives and 5 others were seriously injured in a…
অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ সংবাদ মেল
আজি দিঘলী পুখুৰী পাৰস্হিত গৌৰী সদনত এক সংবাদমেল অনুষ্ঠিত কৰে অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাদেৱে।অসমত বিজেপি চৰকাৰৰ নেতৃত্বত যোৱা এটা বছৰত বিধ্বস্ত ৰাজ্যৰ অৰ্থনীতিৰ খতিয়ান দাঙি ধৰে ৰিপুন বৰাদেৱে।বিভিন্ন প্ৰশ্নৰে থকা সৰকা কৰে বিজেপি চৰকাৰক।অহা ১০ মে’ তাৰিখে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিজেপি চৰকাৰে দায়িত্বভাৰ লোৱা এবছৰ হ’ব।এই এটা বছৰত চৰকাৰৰ অদক্ষতা,তথা ভূল অৰ্থনৈতিক পৰিকল্পনাৰ ফলত চৰকাৰে নিজা উদ্যোগতে ৰাজহ আহৰণত ব্যৰ্থ হৈছে বুলি মন্তব্য প্ৰকাশ কৰে ৰিপুন বৰাদেৱে।