skip to Main Content

অসম দৰ্শনঃ অনুদান বিতৰণ প্ৰক্ৰিয়া আৰম্ভ

  • Assam

এন.এন ব্যুৰো,২৪ ফ্ৰেব্ৰুৱাৰীঃ আজি গুৱাহাটীৰ খানাপাৰাস্থিত পশুচিকিৎসা মহাবিদ্যালয় খেলপথাৰত অসম দৰ্শন আচনিৰ শুভ উন্মোচন কৰা হয়। এই আচনিৰ জৰিয়তে অসমৰ ৯১৫ খন ধৰ্মানুষ্ঠানলৈ ১০ লাখ টকাকৈ অনুদান আগবঢ়োৱা প্ৰক্ৰিয়াৰ আৰম্ভনি কৰা হয়। উক্ত অনুষ্ঠানত উপস্থিত থাকে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্ত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী কেশৱ মহন্তৰ লগতে অন্যান্য মন্ত্ৰী বিধায়কসকল। বিশিষ্ট গায়িকা তৰালী শৰ্মাৰ এটি বৰগীতেৰে শুভ উদ্ধোধন কৰা অনুষ্ঠানটিত অসমৰ ভিন্ন প্ৰান্তৰ পৰা অহা আধ্যাত্মিক অনুষ্ঠান সমূহৰ মুৰব্বী তথা প্ৰতিনিধিসকলে অংশগ্ৰহন কৰে। উল্লেখযোগ্য যে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ১০ লাখ টকাৰ লগতে আৰু ১৫ লাখ টকাকৈ ১০০ বছৰ পুৰণি ধৰ্মানুষ্ঠান সমূহলৈ অনুদান আগবঢ়োৱাৰ কথা উল্লেখ কৰে কিন্তু ধৰ্মানুষ্ঠান সমূহে আগন্তুক আগষ্ট মাহৰ ভিতৰত ১০ লাখ টকা খৰচৰ হিচাপ দাঙি ধৰিব লাগিব।

Back To Top