The Assam government on Thursday announced its decision to extend the territory of the Bodoland…
অসম দৰ্শনআঁচনিৰ দ্বিতীয় পৰ্যায়ৰ শুভাৰম্ভ
শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোণোৱাল , বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰী শ্ৰীযুত কেশৱ মহন্তৰ উপস্হিতিত ৰূপান্তৰণ আৰু উন্নয়ন বিভাগৰ ‘অসম দৰ্শন’ আঁচনিৰ দ্বিতীয় পৰ্যায়ৰ শুভাৰম্ভ কৰা হয়। অসমৰ সংস্কৃতিৰ সংৰক্ষণৰ লক্ষ্যৰে অসম চৰকাৰে অসম দৰ্শন আচনিৰ শুভাৰম্ভ কৰে। ৰাজ্যখনৰ বিভিন্ন অঞ্চলত সিঁচৰতি হৈ থকা ঐতিহাসিক আৰু ধৰ্মীয় দিশৰ পৰা গুৰুত্বপূৰ্ণ স্থানসমূহৰ ঐতিহ্য তথা সংস্কৃতি সংৰক্ষণ কৰাৰ উদ্দেশ্য লৈ ২০১৯-২০ বৰ্ষত অসম দৰ্শন নামৰ আঁচনিখন আৰম্ভ কৰা হৈছিল ৷ এই আঁচনিৰ অধীনত ৯১৬ টা অনুষ্ঠান চিনাক্ত কৰি নিৰ্বাচিত কৰি এনে স্থানৰ আন্তঃগাঁথনি উন্নয়নৰ অৰ্থে ৯১.৬০ কোটি টকা মুকলি কৰি দিয়া হৈছে ৷
উল্লেখ যোগ্য যে অসম দৰ্শন আঁচনিখনৰ দ্বিতীয় পৰ্যায়ৰ বাবে ৩৭৭খন স্থান বাচনি কৰি আন্তঃগাঁথনি উন্নয়নৰ পদক্ষেপ লৈছে চৰকাৰে ৷ এই পদক্ষেপৰ অধীনত এনে প্ৰতিখনলৈ ১০ লাখ টকাকৈ সৰ্বমুঠ ৩৭.৭০ কোটি টকা আৱণ্টন কৰা হৈছে ৷