The All Assam Cab Mazdoor Sangha and All Guwahati Bike Taxi Operator Union together in…
অসম নাগৰিক সমাজৰ সংবাদমেলঃ সাংবাদিকৰ সৈতে মুখামুখি হ’ল নতুন সাংসদ অজিত কুমাৰ ভূঞা
এন.এন ব্যুৰো, ১৮ মাৰ্চঃ আজি গুৱাহাটী প্ৰেছ ক্লাৱত অসম নাগৰিক সমাজে এক সংবাদমেল আয়োজন কৰে। উক্ত সংবাদমেলত সমাজৰ উপ সভাপতি প্ৰশান্ত ৰাজগুৰু, সাধাৰন সম্পাদক পৰেশ মালাকাৰৰ লগতে অসমৰ পৰা শেহতীয়াকৈ ৰাজ্যসভালৈ নিৰ্বাচিত হোৱা সাংবাদিক অজিত কুমাৰ ভূঞা উপস্থিত থাকে। অজিত কুমাৰ ভূঞা ৰাজ্য সভালৈ নিৰ্বাচিত হোৱাটো কা-আন্দোলনৰ বাবে আশাৰ বতৰা বুলি মন্তব্য প্ৰকাশ কৰে অসম নাগৰিক সমাজে। ভূঞাই কয় যে তেওঁ নিৰ্বাচিত হোৱাটো ৪ বছৰত বিজেপিৰ প্ৰথম ব্যৰ্থতা। নিৰ্দলীয় হিচাপে তেওঁ নিজৰ মতেই কাম কৰাৰ আশাপ্ৰকাশ কৰিছে। বিজেপিৰ বাবে এ.আই.ইউ.দি.এফৰ ধাৰণা আৰু তেওঁৰ ধাৰণাৰ মাজত বহুত পাৰ্থক্য আছে বুলিও ব্যক্ত কৰে। ১৯৯৩ চনতেই তেওঁ সাংসদ হোৱাৰ বহু প্ৰস্তাৱ পাইছিল বুলি সংবাদমাধ্যমৰ আগত সদৰি কৰে।