A criminal has succumbed to his injuries after facing the heat of angry locals at…
অসম বিশ্ববিদ্যালয়ত অঘটনঃ বিস্ফোৰণত আহত ৪ শিক্ষাৰ্থী
এন.এন ব্যুৰো, ১১ মাৰ্চঃ বুধবাৰে শিলচৰস্থিত অসম বিশ্ববিদ্যালয়ৰ ৰাসায়ণ বিভাগৰ পৰীক্ষাগাৰত এক ভয়ঙ্কৰ বিস্ফোৰণ সংঘটিত হয়। এই বিস্ফোৰণত চাৰিজনকৈ ছাত্র-ছাত্রী ক্ৰমে বিপাশা সেনগুপ্ত, পঞ্চতপা সেন, তন্ময় সাহা আৰু সৌৰভ পাল আহত হৈছে। বিপাশা সেনগুপ্তাৰ অবস্থা বৰ্তমান সংকটজনক। উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ স্থানান্তৰিত কৰা হৈছে বিপাশাক। বাকী তিনিজন শিলচৰ মেডিকেল কলেজত চিকিৎসাধীন। জানিব পৰা মতে আজি পুৱা পৰীক্ষাগাৰটোত ক্লাছ চলি থকা সময়তেই দুই ধৰণৰ কেমিকেলৰ সংযোগঘটি এই বিস্ফোৰণ সংঘটিত হয়।