ৰাজ্যৰ শিক্ষা বিভাগৰ এক নতুন সিদ্ধান্ত। এতিয়াৰ পৰা বিদ্যালয় গৃহৰ বাহিৰত পুৱাৰ প্ৰাৰ্থনা কৰা বন্ধ।…
অসম বুক অৱ ৰেকৰ্ডছৰ সৰ্ম্বধনা অনুষ্ঠান
এন.এন ব্যুৰো ২৮ ফেব্ৰুৱাৰীঃ আজি গুৱাহাটী প্ৰেছ ক্লাবত অসম বুক অৱ ৰেকৰ্ডছৰ এখনি বঁটা বিতৰণী আৰু সৰ্ম্বধনা অনুষ্ঠান অনুষ্ঠিত হয়। উক্ত অনুষ্ঠানত মুখ্য অতিথি পদ্মশ্ৰী, সাহিত্যকাৰ ডঃ লক্ষীনন্দন বৰা, বিশিষ্ট অতিথি ন্যায়াধীশ প্ৰশান্ত ডেকা, মিষ্টাৰ ইউনিভাৰ্চ মহাদেৱ ডেকাৰ লগতে আৰু বহুকেইজন বিশিষ্ট ব্যক্তি উপস্হিত থাকে। সভাত অসম বুক অৱ ৰেকৰ্ডচে ধুবুৰীৰ সুচিব্ৰত সিনহা চৌধুৰীক তেওঁ ত্ৰিশ বছৰ ধৰি সমাজৰ পৰিবেশৰ প্ৰতি লক্ষ্য ৰাখি প্ৰায় আঢ়ৈ লাখৰো অধিক বৃক্ষ ৰোপন কৰা বাবে, ৰাজীৱ দেক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত হোৱা সাঁতোৰ প্ৰতিযোগিতাত প্ৰশিক্ষক হিচাপে প্ৰথম জন অসমীয়া হোৱা বাবে, এলভিচ আলি হাজৰিকাক আমেৰিকাৰ কেটেলিনা চেনেল সাঁতুৰি পাৰ কৰা প্ৰথমজন অসমীয়া ৰূপে চিহ্নত হোৱাত আৰু পুলকেশ ৰায়মেধি আৰু মানস মজুমদাৰক অসমৰ একমাত্ৰ নিগেটিভ ব্লাড ড’নাৰৰ কাৰ্যক্ৰম কৰাৰ বাবে ৰাষ্ট্ৰীয় ৰেকৰ্ডৰ খিতাপ প্ৰদান কৰি এখনকৈ মানপত্ৰ, জাপি, স্মাৰক আৰু ফুলাম গামোচাৰে সন্মানিত কৰে।