A woman was found inside a box in Guwahati’s Lalung Gaon on Thursday evening, June…
অসম মনিপুৰ সীমান্তত ড্ৰাগছ জব্দ
এন.এন ব্যুৰো, ১৩ মাৰ্চঃ অসম মণিপুৰ সীমান্তৱৰ্তী জিৰিঘাটত হেৰোইন সহ আটক মণিপুৰৰ তিনি ড্ৰাগছ বেপাৰী৷ গোপন সূত্ৰৰ ভিত্তিত লক্ষীপুৰৰ এচ.ডি.পি.অ’ অনুৰাগ শৰ্মা আৰু জিৰিঘাটৰ অ’চি সৌমাৰ ৰয়ে জিৰিঘাটৰ লবণখালত এক অভিযান চলায় আৰু AS 11 CC 5034 নম্বৰৰ এখন অটোৰ পৰা প্ৰায় ৬০ গ্ৰাম হেৰোইন জব্দ কৰিবলৈ সক্ষম হয়৷ লগতে এগৰাকী মহিলাকো আটক কৰে আৰক্ষীয়ে৷ ধৃত কেইজনৰ নাম লেন চিংচো, থেমনু চিংচো আৰু ইছাক হামাৰ৷ আটাইকেইজনৰে ঘৰ মণিপুৰত৷ জানিব পৰা মতে জব্দ হোৱা হেৰোইন খিনিৰ বজাৰ মূল্য প্ৰায় ১০ লাখ টকা৷ ধৃত কেইজনক আৰক্ষীৰ জেৰা অব্যাহত৷