Nawab Mukarram Jah Bahadur, the 8th Nizam of Hyderabad and formerly the richest man in…
অস্তিত্বৰ সংকটত মহাকায় হিমালয় পৰ্বতমালা
পৰিৱৰ্তন ঘটিছে হিমালয়ৰ চিত্ৰৰ, হ্রাস পাইছে উচ্চতা ইয়াৰ সমান্তৰালকৈ ক্ৰমাৎ আঁতৰি গৈছে হিমালয় পর্বতমালা । বহু আগৰে পৰাই এনে তত্ত্ব প্রমাণস্বৰূপে উঠি আহিছে । এইবাৰ হিমালয়ৰ ভূ-প্রকৃতিগত পৰিৱৰ্তনৰ কাৰণৰূপে বিজ্ঞানীসকলে দায়ী কৰিলে বৃষ্টিক । বিজ্ঞানীসকলৰ মতে, ধাৰাৰ বৰষুণে ক্ৰমাৎ ঠেলি নিব পাৰে পর্বতমালাক । নেপাল আৰু ভূটানজুৰি বিস্তৃত হিমালয়ৰ বিস্তীর্ণ অংশৰ ভূমিস্খলনৰ ধৰণ নিৰীক্ষণ কৰি, এই ক্ষেত্ৰত গৱেষণা কৰিয়েই ভূ-বিজ্ঞানীসকলৰ এটা অংশই এই দাবী কৰিছে ।
সম্প্রতি ‘ছায়েন্স এডভান্সেছ’ নামৰ আন্তর্জাতিক পত্রিকাখনত প্রকাশিত এক প্রতিবেদনত এই তত্ত্ব উঠি আহিছে । ইংলণ্ডৰ ব্রিস্টল বিশ্ববিদ্যালয়ৰ এদল গৱেষকে এৰিজ’না ষ্টেট ইউনিভাৰ্চিটি আৰু লুইজিয়ানা ষ্টেট ইউনিভাৰ্চিটিৰ স’তে একত্ৰিত হৈ হিমালয়ৰ ভূমিস্খলনক লৈ গৱেষণা চলাইছিল ।
এই গৱেষণাৰ মূল লক্ষ্য আছিল হিমালয়ৰ জন্মবৃত্তান্ত অর্থাৎ প্লেট টেকনিক সঞ্চালনৰ ওপৰত বতৰ পৰিৱর্তনৰ কেনে প্রভাৱ, তাৰ উত্তৰ বিচৰা । ইয়াৰ বাবে বিজ্ঞানীৰ দলটোৱে প্ৰধানকৈ নেপাল আৰু ভূটানৰ অংশকে বাচি লয়। কিয়নাে সেই অঞ্চলৰ ভূ-প্রকৃতিয়েই সাম্প্রতিককালত বেছিকৈ পৰিৱৰ্তিত হৈছে।
বিশেষকৈ দেশ দুখনৰ মধ্য আৰু পূর্বাঞ্চল সমান্তৰালকৈ ভূমিৰ প্রকৃতি বিচাৰ কৰি চোৱা হয় । গৱেষণাৰ সন্দৰ্ভত গৱেষকৰ দলটোৰ প্ৰধান ড° বাইন এডামছে কয়, “নেপাল আৰু ভূটানৰ পার্বত্য অঞ্চলৰ ভূমিস্খলনৰ ধৰণ চাই লেবত এটা মডেল তৈয়াৰ কৰা হৈছিল । তাৰ ওপৰতে যাৱতীয় পৰীক্ষা চলে । ক্ষয়ৰ হাৰ কিমান, সেই হিচাপ কৰা হয় ।”
প্রধানকৈ গাণিতিক পদ্ধতি ব্যৱহাৰ কৰিয়েই বিজ্ঞানীসকলে এই উত্তৰ বিচৰাৰ চেষ্টা কৰিছিল । বৰষুণ হলে ক্ষয়ৰ হাৰত কিমান পৰিৱৰ্তন হয়, সেয়াও অংক কৰি বাহিৰ কৰা হৈছে । জনা গৈছে যে সমতলীয় অংশৰ তুলনাত পার্বত্য অংশৰ মাটিৰ ক্ষয় তুলনাত বেছি । সেয়াই পর্বতমালা আঁতৰি যােৱাৰ অন্যতম কাৰণ বুলি গণ্য কৰা হৈছে ।
একাংশ বিশেষজ্ঞৰ মতে, গৱেষণাত উঠি অহা এই নতুন তত্ত্ব যে কেৱল হিমালয় পর্বতমালাৰ ক্ষেত্রতে প্রযােজ্য, সেয়া নহয় । বৰঞ্চ ইয়াৰ ওপৰত ভিত্তি কৰি হেজাৰ, লাখ বছৰ ধৰি পার্বত্য অঞ্চলৰ ভূ-প্রকৃতিৰ কাৰণৰ সন্ধানৰ পথৰে আগবাঢ়িব পৰা যাব । আনকি পাহাৰী খাদ, উপত্যকা তৈয়াৰ, নদীৰ গতিপথ সলনি আদি বিষয়বােৰৰ উত্তৰাে হয়তাে বৰষুণৰ টোপালতে নিহিত হৈ আছে । সেই দিশৰ পৰা এই গৱেষণা পথ প্রদর্শক হ’ব পাৰে বুলি একাংশ বিশেষজ্ঞই গণ্য কৰিছে।