The All Assam Cab Mazdoor Sangha and All Guwahati Bike Taxi Operator Union together in…
অৰুণাচলত প্ৰথম IVF শিশুৰ জন্ম
সোমবাৰে অৰুণাচলত প্ৰথম বাৰৰ বাবে IVF শিশু অৰুণাচলৰ নিবা হাস্পতালত জন্ম গ্ৰহণ কৰে। নিবা হাস্পতালৰ কৰ্তৃপক্ষই জনায় যে IVF বিশেষজ্ঞ ডা’ জমচন বাগ্ৰা আৰু ডা’ আশিষ কালে তথা ডা’ অশ্বিনী কালেৰ লগতে ডক্টৰৰ দল এটিয়ে যোৱা বছৰৰ পৰাই নেৰানেপেৰা প্ৰচেষ্টা অব্যাহত ৰাখিছিল। উপযুক্ত নীতিৰ মাজেৰে তেওঁলোকে ডিম্বানু সংগ্ৰহৰ পৰা ডিম্বানু স্থাপনলৈকে সকলো তেওঁলোকে নিবা হাস্পতালৰ IVF কেন্দ্ৰত কৰিছিল। ২১ ফেব্ৰুবাৰীত স্থাপন কৰা হৈছিল ডিম্বানু আৰু পৰ্যায়ক্ৰমে পূৰ্ণতা লাভ কৰি সোমবাৰে শিশুটিয়ে জন্মগ্ৰহণ কৰে। এই সফলতাৰ পিছতেই অৰুণাচলত এক বিশেষ আনন্দৰ পৰিবেশ বিৰাজ কৰিছে।