Assam State Zoo and Botanical Garden here got two zebras on Monday, thanks to Mysore…
অৰ্ণৱ গোস্বামীক গ্ৰেপ্তাৰ৷
ৰিপাব্লিকা TVৰ মুখ্য সম্পাদক তথা অসম সন্তান অৰ্ণৱ গোস্বামীক গ্ৰেপ্তাৰ কৰিলে মুম্বাই আৰক্ষীয়ে৷এটা বন্ধ হোৱা পুৰণি গোচৰৰ ভিত্তিত মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক গৰাকীক৷আজি কিছু বছৰ আগতে এগৰাকী ইন্টেৰিঅ’ৰ ডিজাইনাৰৰ আত্মহত্যাৰ আৰত অৰ্ণৱ গোস্বামীৰ ওপৰত অভিযোগ উঠিছিল৷কিন্তু এই পুৰণি গোচৰটো ইতিমধ্যে বন্ধ হৈছে৷এই পুৰণি গোচৰৰ ওপৰত ভিত্তি কৰিয়ে মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অৰ্ণৱক৷প্ৰায় ৪০জনীয়া বৃহৎ আৰক্ষীৰ দলে নিজ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰে মুখ্য সম্পাদকগৰাকীক৷গ্ৰেপ্তাৰৰ সময়ত আৰক্ষীয়ে অৰ্ণৱ গোস্বামীক শাৰীৰিকভাৱেও অপদস্থ কৰে৷ইফালে আৰক্ষীৰ দলে তেওঁৰ পত্নী আৰু সন্তানকো শাৰীৰিকভাৱে অপদস্থ কৰাৰ অভিযোগ উঠিছে৷মুখ্য সম্পাদকগৰাকীক মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা কাৰ্যত সৰ্বত্ৰে এতিয়া প্ৰতিবাদৰ জোৱাৰ উঠিছে৷