skip to Main Content

অৰ্ণৱ গোস্বামীক ন্যায়িক জিম্মালৈ প্ৰেৰণ৷


এগৰাকী ইন্টেৰিঅ’ৰ ডিজাইনাৰৰ বন্ধ হোৱা আত্মহত্যাৰ গোচৰত মুম্বাই আৰক্ষীয়ে যোৱা কালি গ্ৰেপ্তাৰ কৰা অসম সন্তান তথা ৰিপাব্লিক TVৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীক আজি মুম্বাই আদালতে ১৪দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে৷মুখ্য সম্পাদক গৰাকীক আজি মুম্বাই আৰক্ষীয়ে আদালতত হাজিৰ কৰিছিল আৰু নিজৰ জিম্মাত বিছাৰিছিল যদিও সেয়া আদালতে নাকচ কৰি ন্যায়িক জিম্মালৈহে প্ৰেৰণ কৰে৷ইফালে মুম্বাই আদালতে অৰ্ণৱ গোস্বামীৰ জামিন আৱেদনো নাকচ কৰে৷

Back To Top