Coming as a sigh of relief for the people of Guwahati, the Guwahati Jal Board…
অৰ্ণৱ গোস্বামীৰ গ্ৰেপ্তাৰক নিন্দা মুখ্যমন্ত্ৰীৰ৷
অসম সন্তান তথা ৰিপাব্লিক TVৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীক মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰৰ লগতে শাৰীৰিকভাৱে অপদস্থ কৰা কাৰ্যক অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে তীব্ৰ ভাষাৰে গৰিহণা দিছে৷শীঘ্ৰে মুখ্য সম্পাদকগৰাকীক মুক্তি দিয়াৰ বাবে মহাৰাষ্ট্ৰ চৰকাৰক দাবী জনোৱাৰ লগতে এয়া গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ওপৰত মোক্ষম আঘাট বুলিও উল্লেখ কৰে মু্খ্যমন্ত্ৰী সোনোৱালে৷লগতে এইক্ষেত্ৰত কংগ্ৰেছ চৰকাৰকো তীব্ৰ সমালোচনা কৰে মুখ্যমন্ত্ৰীজনে৷ইফাল বিত্তমন্ত্ৰী ডঃহিমন্ত বিশ্ব শৰ্মায়ো অৰ্ণৱ গোস্বামীৰ গ্ৰেপ্তাৰক তীব্ৰ ভাষাৰে সমালোচনা কৰি তেওঁক শীঘ্ৰে মুক্তিৰ দাবী তোলে৷অকল এয়াই নহয় বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাদ্দাইও মহাৰাষ্ট্ৰ চৰকাৰৰ এই কাৰ্যক তীব্ৰ গৰিহণা প্ৰদান কৰি অৰ্ণৱ গোস্বামীক শীঘ্ৰে মুক্তি দিয়াৰ দাবী উত্থাপন কৰে৷এইদৰে সৰ্বত্ৰে এতিয়া অৰ্ণৱ গোস্বামীৰ গ্ৰেপ্তাৰৰ প্ৰতিবাদ অব্যাহত আছে৷