Assam Chief Minister Himanta Biswa Sarma while addressing a public meeting in Banamalipur said that…
অৰ্ণৱ গোস্বামীৰ মুক্তিৰ দাবি ৰাজ্যিক বিজেপিৰ৷
অকাট্য যুক্তি আৰু শাণিত বাগ্মিতাৰে সাংবাদিতাৰ নতুন ধাৰা সৃষ্টি কৰিবলৈ সমৰ্থ হৈ সমগ্ৰ দেশবাসীৰ আদৰৰ হৈ পৰা অসম গৌৰৱ, ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীক কংগ্ৰেছ আৰু শিৱসেনা নেতৃত্বাধীন মহাৰাষ্ট্ৰ চৰকাৰে আক্ৰোশমূলকভাৱে গ্ৰেপ্তাৰ কৰা কাৰ্য গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ওপৰত এক আক্ৰমণ বুলি অভিহিত কৰিছে অসম প্ৰদেশ বিজেপিয়ে৷ ভাৰতীয় জনতা পাৰ্টি,অসম প্ৰদেশে এই কাৰ্যক একেষাৰে গৰ্হিত আৰু নিন্দনীয় আখ্যা দি সমগ্ৰ দেশ তথা বিশ্বৰে আগশাৰীৰ সাংবাদিক অৰ্ণৱ গোস্বামীক তাৎক্ষণিকভাৱে মুক্তি দিবৰ বাবে দাবী জনাই৷