The Final Electoral Roll in respect of 126 Assembly Constituencies of Assam has been published…
অৱশেষত আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হ’ল পি কে দত্ত
অৱশেষত আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হ’ল পি কে দত্ত। অসম আৰক্ষীৰ উপ-পৰিদৰ্শকৰ নিযুক্তি কেলেংকাৰিৰ খলনায়ক, প্ৰাক্তন ডি আই জি পি কে দত্তক কিছুসময় আগতে নেপালত গ্ৰেপ্তাৰ কৰে অসম আৰক্ষীয়ে।
ভাৰত-নেপাল সীমান্তৰ কাকাৰভিটাত গ্ৰেপ্তাৰ কৰে পি কে দত্তক। জানিব পৰা মতে, জোঁৱায়েকৰ লগত দত্তই অসম অভিমুখে আহি আছিল। চাঞ্চল্যৰ সৃষ্টি কৰা এছ আই কেলেংকাৰিৰ মূল খলনায়ক পি কে দত্তই প্ৰথমাৱস্থাত শিলচৰলৈ পলায়ন কৰাৰ পিছত নেপাললৈ গমন কৰে। ইয়াৰ পিছতে তেওঁক আজি গ্ৰেপ্তাৰ কৰা হয়।
আজি সন্ধিয়াৰ ভাগত ভাৰতলৈ অনা হ’ব পাৰে দত্তক আৰু ইয়াৰ পিছতে সোধা-পোছা কৰা হ’ব বুলি জানিব পৰা গৈছে।
উল্লেখ্য, কিছুদিন আগতে পি কে দত্তই আত্মসমৰ্পণ কৰিব বুলিও বাতৰি প্ৰকাশ হৈছিল।