skip to Main Content

অৱশেষত ন্যায় পালে নিৰ্ভয়াই

এন.এন ব্যুৰো, ২০ মাৰ্চঃ অৱশেষত ন্যায় পালে নিৰ্ভয়াই। দিল্লীৰ তিহাৰ কাৰাগাৰত বন্দী হৈ থকা চাৰি দোষী বিনয় শর্মা, মুকেশ সিং, পৱন গুপ্তা আৰু অক্ষয় কুমাৰ সিঙক আজি পুৱা ৫.৩০ বজাত ফাঁচিকাঠত ওলমোৱা হ’ল। ইয়াৰ লগে লগে অন্ত পৰিল প্ৰায় সাত বছৰজোৰা আইনী প্ৰক্ৰিয়াৰ। উল্লেখ্য যে নিৰ্ভয়াৰ দলবদ্ধ ধৰ্ষণ আৰু নৃশংস হত্যাৰ লগত মুঠ ছটা অপৰাধী জড়িত আছিল যদিও, সিহঁতৰ এটাই নাবালক বুলি মুক্তি পাইছিল। আন এটাই ইতিমধ্যেই জেলৰ ভিতৰত আত্মহত্যা কৰিছে। বাকী চাৰি টাৰ আজি ফাঁচী হোৱাৰ লগে লগে এই কলংকিত অধ্যায়টোৰ সামৰণি পৰিল।

Back To Top