The carcass of a one-horned rhinoceros, allegedly killed by poachers, was detected by the forest…
অৱশেষত ব্ৰাহ্মণ সমাজৰ ওচৰত ক্ষমা বিচাৰিলে বিধায়ক ৰমাকান্ত দেউৰীয়ে
অৱশেষত ব্ৰাহ্মণ সমাজৰ ওচৰত ক্ষমা বিচাৰিলে বিধায়ক ৰমাকান্ত দেউৰীয়ে৷ব্ৰাহ্মণ সমাজক ভিক্ষাৰী বুলি মন্তব্য কৰি সৃষ্টি হোৱা ব্যাপক প্ৰতিক্ৰিয়াৰ পাছত ক্ষমা খুজিবলৈ বাধ্য হ’ল ৰমাকান্ত দেউৰী৷
সমগ্ৰ বাহ্মন সমাজৰ ওচৰত মই ক্ষমা খুজিছো বুলি মন্তব্য কৰি বিধায়ক ৰমাকান্ত দেউৰীয়ে কয় যে,”মই তিৱা মানুহ৷কথাবোৰ চিধা চিধি কওঁ।মই আৱেগত কথাখিনি কৈছিলো।মই বাহ্মন সমাজক ইচ্ছাকৃত ভাৱে কোনো বেয়া মন্তব্য কৰা নাছিলো।মই সমগ্ৰ বাহ্মন সমাজক লৈ মন্তব্য কৰা নাছিলো।বাহ্মন সমাজৰ দুজন আছু নেতাকহে এই মন্তব্য কৰিছিলো।”
উল্লেখযোগ্য যে,৫ অক্টোবৰৰ এখন নিৰ্বাচনী সভাত অংশগ্ৰহন কৰি বিধায়ক গৰাকীয়ে কৈছিল যে,”অসমৰ বামুন-মহন্ত-গোসাই কেইটাই নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে সংগঠন কৰি ৰজাৰ দৰে থাকে আৰু ভুমিপুত্ৰ জনজাতীয় ল’ৰা বোৰক ব্যৱহাৰ কৰি গুলী খুৱাই মাৰে।এই বোৰ আৰু সহ্য কৰা নহ’ব।
বামুন-মহন্ত বোৰক টুকুৰা টুকুৰকৈ কাটিম।মোৰ চিনি পোৱা নাই।আমাৰ পৰা লোৱা ভিক্ষাৰে পেট প্ৰৱৰ্তাই থকা এই বামুন কেইটাই নাঙল নধৰাকৈয়ে আমাৰ ওপৰত নেতা গিৰি কৰি খাই থাকে।তঁহতে লাজ নাপাৱ।”
বিশেষকৈ বিধায়ক ৰমাকান্ত দেউৰীৰ এই বিতৰ্কিত মন্তব্যৰ পাছত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।এই মন্তব্যৰ পিছতে জাঙুৰ খাই উঠিছিল ব্ৰাহ্মণ সমাজ।