Nawab Mukarram Jah Bahadur, the 8th Nizam of Hyderabad and formerly the richest man in…
আগৰ কাশ্মীৰ ঘূৰাই লাগে মেহবুবা মুফতিক
গৃহ বন্দিত্বৰ পৰা মুক্তি লাভ কৰাৰ ১০ দিন পিছত কেন্দ্রীয় চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে জম্মু–কাশ্মীৰৰ প্রাক্তন মুখ্যমন্ত্রী তথা পিডিপি নেত্রী মেহবুবা মুফ্তি৷ নেত্রীগৰাকীয়ে উল্লেখ কৰিছে যে জম্মু–কাশ্মীৰৰ বিশেষ ৰাজ্যৰ মর্যাদা কর্তন কৰাৰ ক্ষমতা কেন্দ্রীয় চৰকাৰৰ নাই৷ এখন সংবাদ মেল আয়োজন কৰি মেহবুবা মুফ্তিয়ে এইবুলিও ভাবুকি দিছে যে সংবিধানৰ ৩৭০ অনুচ্ছেদ পুনৰ প্রৱর্তনৰ বাবে জম্মু–কাশ্মীৰবাসীয়ে সদায় আন্দোলন কৰি যাব৷ এইক্ষেত্রত জম্মু–কাশ্মীৰবাসীক বাধা দিব পৰা ক্ষমতা কেন্দ্রৰ নাই বুলিও মন্তব্য কৰিছে নেত্রীগৰাকীয়ে৷
লক্ষণীয়ভাৱে সংবাদ মেলত জম্মু–কাশ্মীৰৰ পূর্বৰ পতাকা প্রদর্শন কৰি মুফ্তিয়ে এই স্থানত অন্য পতাকাৰ স্থান নাই বুলিও সংবাদ মেলত ঘোষণা কৰিছে৷ মেহবুবা মুফতিৰ এই ঘোষণাৰ পিছতে দেশজুৰি বিষয়টোক লৈ সৃষ্টি হৈছে তীব্র প্রতিক্রিয়া৷