In a tragic incident a student of class 11 was killed in a hit-and-run accident…
আছুৰ বিৰুদ্ধে অভিযোগ কৃষক শ্ৰমিকৰ
দিল্লীৰ ‘ কা ‘ বিৰোধী আন্দোলনত অংশগ্ৰহণ কৃষক শ্ৰমিক উন্নয়ন পৰিষদ অসমৰ । আজি দিছপুৰ প্ৰেছ ক্লাবত অনুস্থিত সংবাদ মেলত সভাপতি প্ৰদীপ কলিতাই অৱগত কৰায় যে সংশোধিত নাগৰিকত্ব আইনৰ ফলত অকল এটা বিশেষ সম্প্ৰদায় শংকিত নহয় । দেশৰ এক বুজন সংখ্যক নাগৰিক এই আইনক লৈ শংকিত । লগতে তেওঁ অসমতো সমূহ দল সংগঠনক একগোট হৈ ‘ কা ‘ বিৰোধী আন্দোলন চলাই নিবলৈ আহ্বান জনাই। সংবাদ মেলত প্ৰদীপ কলিতাই আছুৰ প্ৰতি থকা ক্ষোভ প্ৰকাশ কৰে । তেওঁ কয় আছুৰ আজিৰ দিনত বিশ্বাস নাই । কাৰণ আছুয়ে স্পষ্ট কৰি দিছে ‘ কা ‘ বাতিলৰ আন্দোলনৰ বাবে তেওঁলোকে কৃষক মুক্তি সংগ্ৰাম সমিতি , কৃষক শ্ৰমিক উন্নয়ন পৰিষদ আৰু বাওঁ পন্থিৰ লগত একত্ৰিত হৈ আন্দোলন নকৰে । প্ৰদীপ কলিতাই আছুৰ ওপৰত অভিযোগ কৰিছে যে আছু বি. জে. পি. চৰকাৰৰ দলাল।