Nawab Mukarram Jah Bahadur, the 8th Nizam of Hyderabad and formerly the richest man in…
আছুৰ ভিতৰচৰাত এলাগী হৈছে নেকি সমুজ্জল ভট্টাচাৰ্য
মই ৰাজনৈতিক আৰু নিৰ্বাচনী বৃত্তৰ বাহিৰত থাকি অসম আৰু খিলঞ্জীয়াৰ হকে কাম কৰি যাম এই মন্তব্য আছুৰ উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ। আছুৰ এজন সদস্যই মোৰ বিৰুদ্ধে যি অপব্যাখ্যা কৰিছে সেয়া মই অগ্ৰাহ্য কৰিছো। সদৌ অসম ছাত্ৰ সন্থা সামূহিক নেতৃত্বত চলে আৰু মই সামূহিক নেতৃত্বত চলাটো বিচাৰো।
অসমৰ ৰাইজে আছুক আছু হিচাপে বিচাৰে। আছুৰ অৰাজনৈতিক সত্ত্বাটোক ৰাইজে বিচাৰে গতিকে আছুৰ অৰাজনৈতিক চৰিত্ৰত কোনো আঁচোৰ পৰিবলৈ দিয়া নহ’ব। মই নীলকণ্ঠ হৈ সকলোকে একেলগে লৈ আগবাঢ়ি যাম। আছুৰ লাখ লাখ সদস্য আছে। গতিকে মোৰ শেষ নিশ্বাস ত্যাগ কৰালৈকে আছুৰ হকে কাম কৰিম বুলি মন্তব্য কৰে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই।