Coming as a sigh of relief for the people of Guwahati, the Guwahati Jal Board…
আজমলৰ সমৰ্থকৰ পাকিস্তান জিন্দাবাদ ধ্বনিত কপিছে ৰাজ্য৷
“মিঞা মিউজিয়াম” প্ৰসংগই সমগ্ৰ ৰাজ্যজুৰি প্ৰতিবাদৰ জোৱাৰ তুলি থকাৰ সময়তে এইবাৰ আকৌ পাকিস্তান জিন্দাবাদ ধ্বনিত কপিছে অসম৷এআইইউডিএফ প্ৰধান বদৰুদ্দিন আজমলৰ সমৰ্থকৰ মুখত এইবাৰ পাকিস্তান জিন্দাবাদ ধ্বনি৷শিলচৰ বিমান বন্দৰত আজমলক আদৰিবৰ সময়তে একাংশ সমৰ্থকৰ মুখত শুনিবলৈ পোৱা গল পাকিস্তান জিন্দাবাদ ধ্বনি৷ফলত এতিয়া সৰ্বত্ৰে উঠিছে তিব্ৰ প্ৰতিক্ৰিয়াৰ লগতে প্ৰতিবাদৰ জোৱাৰ৷এই কাণ্ডৰ শীঘ্ৰে তদন্ত দাবী কৰি ইতিমধ্যে বিভিন্ন দল সংগঠণে গোচৰো ৰুজু কৰিছে৷ইফালে ৰাজ্য চৰকাৰেও ইয়াৰ উচিত তদন্ত কৰিবলৈ প্ৰসাশনক নিৰ্দেশ প্ৰদান কৰিছে৷কংগ্ৰেছ দলেও ইয়াৰ উচিত তদন্ত দাবী কৰিছে৷