Assam reported 174 new COVID-19 cases on Thursday, as per the National Health Mission (NHM).…
আজিৰেপৰা কিশোৰ-কিশোৰীক ক’ভিড ভেকচিন প্ৰদান অভিযান
সমগ্র দেশৰ লগতে মহানগৰীতো আজিৰে পৰা আৰম্ভ হৈছে ১৫-১৮ বছৰ বয়সৰ কিশোৰ-কিশোৰীক ক’ভিড ভেকচিন প্ৰদান অভিযান।সেই অনুসৰি আজি গুৱাহাটী মহানগৰীৰ ১৫ খন বিদ্যালয়তো ছাত্ৰ-ছাত্ৰীসকলক প্ৰদান কৰা হব কভিড ভেকচিন। ভেকচিন প্ৰদান কৰা বিদ্যালয়সমূহ হৈছে- কামৰূপ একাডেমী, ডনবস্ক স্কুল পাণবজাৰ, কটন কলেজিয়েট উচ্চচতৰ মাধ্যমিক বিদ্যালয়, টি.চি স্কুল, কলিৰাম উচ্চতৰ মাধ্যমিক স্কুল, সোণাৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়, উলুবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়, দিছপুৰ উচ্চতৰ মাধ্যমিক স্কুল, কাজিৰঙা ইংলিছ একাডেমী, সোণাপুৰ উচ্চতৰ মাধ্যমিক স্কুল, নাহৰগুৰি উচ্চতৰ মাধ্যমিক স্কুল, জ্ঞানজ্যোতি উচ্চ মাধ্যমিক বিদ্যালয়, সোণাপুৰ কলেজ, আৰু কেন্দ্ৰীয় বিদ্যালয় ইত্যাদি। ৯ জানুৱাৰীলৈকে এই ভেকচিন প্ৰদান কাৰ্যসূচী সম্পূৰ্ণ কৰাৰ লক্ষ্য কৰি বান্ধি লৈছে ৰাজ্য চৰকাৰে। তাৰোপৰি, এই ভেকচিন প্ৰদান কাৰ্যসূচীয়ে ৰাজ্যৰ প্ৰায় ২০ লাখ ছাত্ৰ-ছাত্ৰীক প্ৰদান কৰা হ’ব এই ভেকচিন।