মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ বোকাজান সমষ্টিৰ মাননীয় বিধায়ক ডা: নোমল মমিনে ১ লাখ টকাৰ অনুদান আগবঢ়ায়।…
আজিৰে পৰা আৰম্ভ হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষা
আজিৰে পৰা আৰম্ভ হ’ল হাইস্কুল শিক্ষান্ত আৰু অসম হাইমাদ্ৰাছা পৰীক্ষা।সৰ্বমুঠ ৯০৩টা পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হৈছে এই পৰীক্ষা।সৰ্বমুঠ পৰীক্ষাৰ্থীৰ সংখ্যা হৈছে ৪,৩১,১৩২ গৰাকী।২১ গৰাকী দৃষ্টিহীন আৰু ৪৬গৰাকী মুকবধিৰ
পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছে পৰীক্ষাত।এইবাৰ সন্নিবিষ্ট কৰা তিনিটা নতুন ভাষাৰ ওপৰত পৰীক্ষা দিছে পৰীক্ষাৰ্থীসকলে।সম্পূৰ্ণ ক’ভিড প্ৰট’কল মানি অনুষ্ঠিত হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষা।