The Final Electoral Roll in respect of 126 Assembly Constituencies of Assam has been published…
আজিৰ পৰা কংগ্ৰেছী হ’ল সাংবাদিক খগেন কলিতা
অসমৰ আগশাৰীৰ চেটেলাইট সংবাদ মাধ্যম প্ৰতিদিন টাইমৰ কাৰ্যবাহী সম্পাদক তথা জ্যেষ্ঠ সাংবাদিক খগেন কলিতাই সোমবাৰে আনুষ্ঠানিকভাৱে কংগ্ৰেছত যোগদান কৰে।
সোমবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা, সাংসদ প্ৰদ্যুৎ বৰদলৈ, বিৰোধী দলপতি দেবব্ৰত শইকীয়া, উপ দলপতি ৰকিবুল হুছেইন, অকণ বৰাকে ধৰি অন্য জ্যেষ্ঠ নেতৃত্বৰ উপস্থিতিত কলিতাই দলটোত যোগদান কৰে।
কংগ্ৰেছত যোগদান কৰিয়েই বিজেপিৰ বিৰুদ্ধে সৰৱ হৈ পৰে খগেন কলিতা।
যোগদান অনুষ্ঠানত ভাষণ প্ৰদান কৰি কলিতাই কয় ‘আজি সমগ্ৰ দেশ আৰু ইয়াৰ জনতা কংসৰ কাৰাগাৰত বন্দী হৈছে। ভাৰতৰ গণতন্ত্ৰ, ধৰ্মনিৰপেক্ষ চৰিত্ৰ এই সকলোবোৰ বিজেপিয়ে টানি-আজুৰি নি কংসৰ কাৰাগাৰত সোমোৱাই দিছে।‘
‘সেয়েহে দেশক ভালপোৱা প্ৰত্যেকগৰাকী লোকে কংগ্ৰেছত যোগদান কৰি কৰ্মী হোৱাটো প্ৰয়োজনীয়। মই এই অনুভৱ কৰিয়েই কংগ্ৰেছত যোগদান কৰিবলৈ আগবাঢ়ি আহিছো।‘ কলিতাই লগতে কয়।