Nawab Mukarram Jah Bahadur, the 8th Nizam of Hyderabad and formerly the richest man in…
আজি ভাৰতীয় বাযু সেনাৰ ৮৮ তম বায়ু সেনা দিৱস
আজি ভাৰতীয় বাযু সেনাৰ ৮৮ তম বায়ু সেনা দিৱস । ৮৮ তম বাৰ্ষিকীত বায়ু সেনাৰ জোৱানলৈ শুভেচ্ছা জনাই দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে৷প্ৰধানমন্ত্ৰী মোদীয়ে টুইটযোগে বায়ু সেনাৰ জোৱানসকললৈ শুভেচ্ছা জনাই ।
প্ৰধানমন্ত্ৰী গৰাকীয়ে টুইটাৰ যোগে কয় ” বায়ু সেনা দিৱসত ভাৰতীয় বায়ু সেনাৰ সকলো জোৱানক বহুত বহুত শুভকামনা জনালো ৷আপোনালোকে কেৱল দেশৰ আকাশক সুৰক্ষিত নকৰে, দুৰ্যোগৰ সময়ত মানৱতা সেৱা কৰাত অগ্ৰণী ভূমিকা পালন কৰে। মাতৃ ভাৰতীক ৰক্ষা কৰাৰ বাবে আপোনাৰ সাহস, বীৰতা আৰু নিষ্ঠাই সকলোকে অনুপ্ৰেৰিত কৰিব।”
আনহাতে লাডাখত ভাৰত-চীনৰ সৈতে হোৱা যুঁজৰ সময়ত বায়ু সেনাৰ দ্ৰুত পদক্ষেপক বায়ু সেনা প্ৰধান মুখ্য ৰাকেশ সিং ভাডৰিয়াই প্ৰশংসা কৰিছ ৷কাৰণ কৰ’না ভাইৰাছৰ সময়তো যিকোনো অপ্ৰত্যাশিত প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলৈ সাজু ভাৰতীয় বায়ু সেনা ।এই কথা সদৰী কৰে বায়ু সেনা প্ৰধান ৰাকেশ কুমাৰ সিং ভাডৰিয়াই৷ লগতে বায়ু সেনা প্ৰধান ভাডৰিয়াই কয় যে বায়ু বাহিনীৰ জোৱানসকলে উত্তৰ-পূৰ্বৱৰ্তী অঞ্চলত জৰুৰীকালীন প্ৰয়োজনীয়তাৰ অধীনত নিয়োগৰ প্ৰয়োজনীয়তা পূৰণ কৰাৰ বাবে প্ৰশংসাৰ যোগ্য।
লাডাখত চীনা আক্ৰমণাত্মক কাৰ্যকলাপৰ মাজত ভাৰতে চুখই আৰু মিগ বিমান বৃদ্ধি কৰিছে। শক্তিশালী আৰু আধুনিক বায়ু সেনাই আজিৰ পৰিৱেশত সকলো ধৰণৰ অঞ্চলত যুদ্ধ কৰাৰ বাবে এক নিৰ্ণয়ক ভূমিকা পালন কৰিছে। বায়ু সেনাৰ প্ৰধান জনে চীন আৰু পাকিস্তানৰ সীমান্তত দৃষ্টি ৰাখিবৰ কাৰণে উন্নত প্ৰযুক্তি বিদ্যা ব্যৱহাৰ কৰাৰ ওপৰত গুৰুত্ব দিয়ে ৷