Nawab Mukarram Jah Bahadur, the 8th Nizam of Hyderabad and formerly the richest man in…
আজি স্বপ্নদষ্টাৰ ওপজা দিন
কালামৰ জন্মদিন
ভাৰতৰ মিছাইলমেম ৰূপ পৰিচিত আব্দুল কালামৰ আজি ওপজা দিন। তামিলনাডুৰ ৰামেশ্বৰমত ১৯৩১ চনত জন্মগ্ৰহণ কৰা এইগৰাকী মহান মনিষীৰ সম্পূৰ্ণ নাম আবুল পাকিৰ জয়নাল আবেদিন আব্দুল কালাম। অতি দুখীয়া পৰিয়ালত জন্মগ্ৰহণ কৰা এই গৰাকী মহান ব্যক্তিয়ে সৰুতে পেপাৰ বিক্ৰী কৰি পৰিয়াল পোহপাল দিছিল। অধ্যয়নৰ প্ৰতি থকা প্ৰৱল ইচ্ছাশক্তিয়ে তেওঁক জীৱনত আগবাঢ়িবলৈ প্ৰেৰণা যোগাইছিল।
১৯৯৭ চনত তেওঁক ভাৰতৰত্ন, ১৯৮১ চনত পদ্মভূষণ আৰু ১৯৯০ চনত পদ্মবিভূষণ প্ৰদান কৰা হৈছিল। বিজ্ঞানৰ ক্ষেত্ৰত আহবঢ়োৱা বৰঙনিৰ বাবে তেওঁ সদায় প্ৰাতঃস্মৰণীয় হৈ থাকিব।