Kagithane-Istanbul Airport Subway, Turkey's fastest subway, was officially put into service a short time ago.…
আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ পুনৰ নিৰ্বাচনী প্ৰচাৰ
ক’ভিড ১৯ ত সংক্ৰমিত হোৱা আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে পুনৰ নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিলে ৷অৱশ্যে হোৱাইট হাউচৰ এগৰাকী চিকিৎসকে ট্ৰাম্পৰ সুস্থ বুলি দাবী কৰিছিল ৷
হোৱাইট হাউচৰ চিকিৎসক Sean Conley য়ে কয় “মোৰ এইকথা ক’বলৈ পায় ভাল লাগিছে যে ৰাষ্ট্ৰপতি ট্ৰাম্পৰ পৰা সম্প্ৰতি কাৰো কোনো ধৰণৰ কৰ’নাৰ সংক্ৰমণ নহয় ।”
এতিয়া ট্ৰাম্পে গতানুগতিক কাম কাজ অব্যাহত ৰাখিব পাৰিব ৷ৰাষ্ট্ৰপতি ট্ৰাম্পৰ বিগত শুক্ৰবাৰৰ পৰা স্বাস্থ্য একেবাৰে সুস্থিৰ। ট্ৰাম্পক চিকিৎসকে দিয়া ক’ভিড ১৯ প্ৰতিৰোধৰ কাৰণে দিয়া সকলো পৰামৰ্শ সম্পূৰ্ণ হৈছে।
চিকিৎসক Sean Conley য়ে কয় যে ৰাষ্ট্ৰপতি ট্ৰাম্প কৰ’নাৰ সংক্ৰমণ হোৱাৰ বিষয়ে বিগত সপ্তাহত জানিব পৰা যায়। গতিকে এইটো শনিবাৰে ১০ দিন সম্পূৰ্ণ হ’ল ।
গতিকে ৰাষ্ট্ৰপতি ট্ৰাম্পে সম্প্ৰতি পুনৰ গতানুগতিক জীৱন আৰম্ভ কৰিব পাৰে। আনহাতে সংবাদমাধ্যমৰ সাক্ষাৎকাৰত ট্ৰাম্পে কৈছিল যে তেওঁ সুস্থ অনুভৱ কৰিছে। আৰু পুনৰ নিৰ্বাচনী ৰেলীত অংশগ্ৰহণ কৰিব বিচাৰে ৷
ইপিনে ট্ৰাম্পে কৰ’নাত আক্ৰান্ত হৈ মাত্ৰ তিনিদিন চিকিৎসালয়ত থাকি ঘৰলৈ উভতি আহিছিল।হোৱাইট হাউচত উপস্থিত হয় আৰু সমৰ্থকসকলক সম্বোধন কৰি প্ৰথমতে মাস্ক খুলি দিয়ে ৷
ট্ৰাম্পৰ এই কাণ্ডই যথেষ্ট বিতৰ্কৰ সূত্ৰপাত হৈছিল। লগতে ট্ৰাম্পে কয়”মোৰ বহুত ভাল লাগিছে,যে আমাৰ দেশে কৰ’নাক জয় কৰিবলৈ গৈ আছে ।”ইপিনে সমৰ্থকসকলে মাস্ক পৰিধান কৰি আছিল যদিও কোনো ধৰণৰ সামাজিক দূৰত্ব বৰ্তাই ৰখা নাছিল ।