Police squads have detained seven suspects, including three foreign nationals, in connection with an illegal…
আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচন ২০২০ – ট্ৰাম্প নহয় ভাৰতীয় ভোটাৰৰ প্ৰথম পচন্দ জ’ বাইডেন
সমাগত আমেৰিকাৰ নিৰ্বাচন ৷এই নিৰ্বাচনে ইতিমধ্যে বহু চৰ্চা লাভ কৰিছে ।ইয়াৰ মাজতে Indian American Attitude Survey অৰ্থাৎ IAAS ৰ অনুসৰি প্ৰায় ৭০ শতাংশ ভাৰতীয় মূলৰ আমেৰিকাবাসীয়ে ভোটদান কৰিব জ’ বাইডেনক৷ইয়াৰ বিপৰীতে কেৱল ২২ শতাংশ ভাৰতীয় মূলৰ লোকেহে ভোটদান কৰিব ড’নাল্ড ট্ৰাম্পক ।
লগতে IAAS ৰ প্ৰতিবেদন অনুসৰি ভাৰত আৰু আমেৰিকাৰ ভোটদানৰ এই সিদ্ধান্তই দুয়োখন দেশৰ সম্বন্ধৰ মাজত কোনো বিৰূপ প্ৰভাৱ নেপেলায়। বা ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সম্পৰ্কতো প্ৰভাৱ নেপেলায়। অৱশ্যে ড’নাল্ড ট্ৰাম্পে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ লগত ঘনিষ্ঠতা বৃদ্ধি কৰি নিৰ্বাচনত ভাৰতৰ পৰা সমৰ্থন বিচাৰিছে ৷
ইয়াৰ মাজতে ভাৰতীয় আৰু আফ্ৰিকা মূলৰ আমেৰিকাৰ নিবাসী তথা উপ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী কমলা হেৰিছো আছে চৰ্চাত। হেৰিছেও ভাৰতীয় মূলৰ লোকসকলৰ মাজত নিজৰ প্ৰভাৱ পেলাবলৈ সক্ষম হৈছে ।
কাৰণ আগষ্টমাহত কমলা হেৰিছে ইডলী মছালা ডোছাৰ কথা উত্থাপন কৰি সমগ্ৰ ভাৰতত চৰ্চা লাভ কৰিছিল।