In an effort to improve Schools in Assam, Chief Minister Himanta Biswa Sarma announces ₹10,000…
আম আদমি পাৰ্টিৰ ৰাষ্ট্ৰ নিৰ্মাণ অভিযান
এন.এন ব্যুৰো,২৫ ফ্ৰেব্ৰুৱাৰীঃ গুৱাহাটী প্ৰেছ ক্লাৱত আজি আম আদমি পাৰ্টি, অসমে এক সংবাদমেলৰ আয়োজন কৰে। উক্ত সংবাদমেলত দিল্লীৰ যি শেহতীয়া পৰিবৰ্তনৰ ৰাজনীতি সেয়া সমগ্ৰ দেশতে প্ৰতিষ্ঠা কৰিবৰ বাবে আম আদমি পাৰ্টিয়ে ৰাষ্ট্ৰ নিৰ্মাণ অভিযান আৰম্ভ কৰাৰ কথা উল্লেখ কৰে। লগতে এই অভিযানৰ সৈতে সংযুক্ত হ’ব বিচৰা সকলে ৯৮৭১০১০১০১ নম্বৰত মিছ কল দিব পাৰে বুলিও সদৰি কৰে। সংবাদমেলখনত আপৰ নেতাকেইজনে কয় যে, যেনেকৈ দিল্লীৰ জনতাই ধৰ্ম-জাতিবাদৰ ওপৰলৈ উঠি কাম কৰা চৰকাৰৰ নিৰ্বাচন কৰিলে, একেদৰেই আন ৰাজ্যৰ লোক তথা সমস্ত দেশবাসীয়ে এই ৰাজনীতিকে গ্ৰহন কৰিব বুলি তেওঁলোক আশাবাদী।