The All Assam Cab Mazdoor Sangha and All Guwahati Bike Taxi Operator Union together in…
আলফাৰ পৰা বহিস্কাৰ বিৰ্তৰকিত আলোচনাপন্থী নেতা জীতেন দত্ত।
আলফাৰ পৰা বহিস্কাৰ বিৰ্তৰকিত আলোচনাপন্থী নেতা জীতেন দত্ত।
আলফা নেতা জীতেন দত্তৰ বিৰুদ্ধে সতীৰ্থ হত্যা, নাৰী নিৰ্যাতন, ক’লা ব্যৱসায় ইত্যাদিৰ লগত জৰিত থকাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছিল।
বিপ্লৱজ্যোতি মহন নামধাৰী এক ফেইচবুক একাউন্টৰ পৰা ধাৰাবাহিকভাৱে এই অভিযোগসমূহ আনিছিল।
তাৰ পাছতে এই সন্দৰ্ভত যোৱা ৪ অক্টোবৰত কাকপথাৰত অনুষ্ঠিত হৈছিল এক ৰাইজমেল।
সেই ৰাইজমেলত ৰহস্যজনকভাৱে উপস্থিত নাছিল আলোচনাপন্থী আলফা নেতা জীতেন দত্ত। সেয়েহে উক্ত ৰাইজমেলতে উত্থাপন হৈছিল জীতেন দত্তক সামাজিকভাবে বৰ্জনৰ দাবী।
আলফাৰ শ্বহীদ আৰু নিৰ্যাতিত পৰিয়ালে অনুষ্ঠিত কৰিছিল এই ৰাইজমেল।
ইয়াৰ পাছতেই জীতেন দত্তক আলফাৰ প্ৰাথমিক সদস্য পদ তথা বিষয়বাবৰ পৰা বহিস্কাৰ কৰিছে আলফাৰ কেন্দ্ৰীয় নেতৃত্বই।
বৃহস্পতিবাৰে গুৱাহাটীত অনুষ্ঠিত হোৱা এক বৈঠকত কেন্দ্ৰীয় কাৰ্য্যকৰী সমিতিয়ে তেওঁৰ প্ৰাথমিক সদস্য পদ বাতিলৰ সিদ্ধান্ত গ্ৰহণ কৰে।