Nawab Mukarram Jah Bahadur, the 8th Nizam of Hyderabad and formerly the richest man in…
আলুৰ অভাৱ পুৰাবলৈ ভূটানৰ পৰা আনিব আলু
বজাৰত আকাশ চুইছে আলু আৰু পিঁয়াজৰ মূল্যই। অসমৰ লগতে সমগ্ৰ দেশৰ বজাৰত প্ৰতিকিলো পিঁয়াজৰ মূল্যই এশ টকাৰ ঘৰ অতিক্ৰম কৰাৰ বিপৰীতে আলুও সৰ্বনিম্ন ৫০ টকা প্ৰতিকিলো দৰত বজাৰত বিক্ৰী হৈছে। আলু-আৰু পিঁয়াজৰ এনে অভাৱনীয় মূল্য বৃদ্ধিৰ বাবেই কেন্দ্ৰীয় চৰকাৰে এতিয়া বহিঃ ৰাষ্ট্ৰৰ পৰা খাদ্য সামগ্ৰী দুবিধ আমদানি কৰাৰ সিদ্ধান্ত লৈছে।
শুকুৰবাৰে ডিৰেক্টৰেট জেনেৰেল অৱ অ’ৰেন ট্ৰেড এণ্ড ডিজিএফটিয়ে আলুৰ আলুৰ আমদানী সন্দৰ্ভত এক বিবৃতি জাৰি কৰি কয় যে ৩১ জানুৱাৰী, ২০২১ পৰ্যন্ত কোনো অনুজ্ঞাপত্ৰ অবিহনে ভাৰতে ভূটানৰ পৰা আলু আমদানি কৰিব। উল্লেখ্য যে, আলু আমদানি কৰিবলৈ হ’লে ডিজিএফটিৰ পৰা অনুমোদন ল’বলগীয়া হয় যদিও বৰ্তমান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আগন্তুক ৩১ জানুৱাৰী পৰ্যন্ত এই সিদ্ধান্ত লৈছে কেন্দ্ৰীয় চৰকাৰে।