Nawab Mukarram Jah Bahadur, the 8th Nizam of Hyderabad and formerly the richest man in…
আহি পালে মোদীৰ কোটি টকীয়া দ্বিতীয় খন বিমান
দেশৰ অৰ্থনীতি বিধ্বস্ত। অভাৱ-অনাটন আৰু হতাশাত লাখ লাখ লোকে আত্মহত্যা কৰিছে। বিগত কেইটামান মাহৰ ভিতৰতে কৰ্ম সংস্থাপন হেৰুৱাইছে দুই কোটিতকৈ অধিক যুৱক-যুৱতীয়ে। কিন্তু দেশৰ প্ৰধানমন্ত্ৰীয়ে ব্যক্তিগত সা-সুবিধা আৰু বিলাসিতাৰ বাবে ক্ৰয় কৰিছে দুখনকৈ বিলাসী বিমান। ৮ হাজাৰ ৪শ কোটিটকা ব্যয়সাপেক্ষ দ্বিতীয়খন বোয়িং ৭৭৭ বিমান শনিবাৰে নতুন দিল্লী পাবহি। যোৱা ১ অক্টোবৰত প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপতি আৰু উপ-ৰাষ্ট্ৰপতিৰ বাবে ব্যৱহাৰ কৰিবলগীয়া প্ৰথমখন বিমান ভাৰতলৈ অনা হৈছিল। ২০১৮ চনতে নিৰাপত্তজনিত কাৰণত বোয়িং ৭৭৭ এয়াৰক্ৰাফট ক্ৰয় কৰাৰ সিদ্ধান্ত লোৱা হৈছিল। মাৰ্কিন বিমান নিৰ্মাতা কোম্পানী আৰু ভাৰত চৰকাৰৰ সৈতে হোৱা চুক্তি মতে চলিত বৰ্ষৰ জুলাই মাহতে দুয়োখন বিশেষ বিমান ভাৰতৰ হাতত গতাই দিয়াৰ কথা আছিল। কিন্তু পৰিস্থিতি সুবিধাজনক নোহোৱাত সেয়া সম্ভৱ হৈ উঠা নাছিল। এই দুয়োখন বিশেষ বিলাসী বিমানত বিভিন্ন সা-সুবিধাৰ লগতে দুটাকৈ আলোচনা কক্ষ, এটা সংবাদমেল কক্ষ আৰু ভিভিআইপি ছুইট আছে। এই বিমানত আছে ক্ষেপণাস্ত্ৰ প্ৰতিৰোধী ক্ষমতা। লক্ষণীয়ভাৱে যিসময়ত দেশ ভয়ানক দুৰ্দিনৰ সন্মুখীন হৈছে, সেই সময়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী চৰকাৰে মাৰ্কিন ৰাষ্ট্ৰপতিয়ে ব্যৱহাৰ কৰা একেধৰণৰ বিলাসী বিমান ক্ৰয় কৰাত দেশজুৰি মিশ্ৰিত প্ৰতিক্ৰিয়াৰো সৃষ্টি হৈছে।